গৌৰৱ – কালিৰাম মেধি
পাঠ: ৩
প্ৰথম গোট – গদ্য
(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)
প্ৰশ্ন ১: কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয়
গ্ৰন্থখনৰ নাম লিখা ।
উত্তৰঃ কালিৰাম
মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল-“অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব” ।
প্ৰশ্ন ২: ‘ডিভাইন কমেডি’ কাৰ ৰচনা ?
উত্তৰঃ ‘ডিভাইন কমেডি’ ইটালীৰ বিশ্ববিখ্যাত কবি ডাণ্টেৰ
ৰচনা ।
প্ৰশ্ন ৩: নেপলিয়ান বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?
উত্তৰঃ নেপলিয়ান
বোনাপাৰ্ট ফ্ৰান্স দেশৰ বীৰ আছিল ।
প্ৰশ্ন ৪: মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে ?
উত্তৰঃ মৈথিলী
আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে ।
প্ৰশ্ন ৫: জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে ?
উত্তৰঃ
জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে ।
(খ) চমু প্ৰশ্ন : ( মূল্যাংক – ২/৩)
প্ৰশ্ন ১: সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে ?
উত্তৰঃ গৌৰৱ তিনি
ঠাইৰ পৰা উৎপন্ন হয় – সৌভাগ্য, শৰীৰ আৰু মন। সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মান আহে । জন্মসূত্ৰে লাভ
কৰা ধন আৰু মান পোৱা ব্যক্তিসকলে নিজস্ব ভাৱে কিবা ভাল কাম কৰক বা নকৰক সমাজত
কিন্তু তেওঁলোকৰ স্থান সদায় একেই থাকে । উদাহৰণ স্বৰূপে নিধিৰাম বৰুৱাৰ পুতেক
গৰুচোৰ হ’লেও ভূঞা পোৱালি বৰুৱাৰ ঘৰৰ ল’ৰাই আগমালা আৰু আগ ঠগি পোৱাৰ নিয়ম
সামাজিক আইনত বন্ধ আছে । কিন্তু সাধাৰণ মানুহৰ ল’ৰা-ছোৱালীয়ে জন্মসূত্ৰে সাধাৰণ হোৱা বাবে নিজৰ কৃতিত্বৰ বাবে কিন্তু
সমাজত আগস্থান নাপায় ।
প্ৰশ্ন ২: ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে ? বুজাই লিখা ।
উত্তৰঃ ৰূপৰ বলত
পোৱা মান ভক্তি স্থায়ী নহয় । কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে ।
প্ৰশ্ন ৩: বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?
উত্তৰঃ
বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে ।
প্ৰশ্ন ৪: শুদ্ধোধনৰ নাম মানুহে কিয় জানে ?
উত্তৰঃ শুদ্ধোধন
গৌতম বুদ্ধৰ পিতৃ আছিল বাবে মানুহে তেওঁৰ নাম জানে ।
প্ৰশ্ন ৫: দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে ?
উত্তৰঃ দেশ জয়
কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে । কাৰণ বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন
বিজিত দেশ তেওঁৰ হাতৰ পৰা যায় । বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে ।
(গ) দীঘল প্ৰশ্ন: ( মূল্যাংক – ৪/৫)
প্ৰশ্ন ১: ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল’ – কথাষাৰ বুজাই লিখা ।
উত্তৰঃ উদ্ধৃত
কথাফাঁকিৰ দুয়োপিনে যুক্তি আছে । আজিকালি ধন থকা জনে মৰ্যাদা আৰু শ্ৰদ্ধা লাভ কৰে
। ধন থকা জনৰ পুত্ৰই কু-কৰ্ম কৰিলেও তেওঁলোকৰ মানহানি নহয় । ধন থকাজনৰ গোন্ধই
সকলোকে তেওঁৰ ওচৰত বিনীত, বিনয়ী, শিষ্টাচাৰী আৰু নম্ৰ কৰি ৰাখে । ধন
থাকিলে দান নিদিয়া লোকেও দানী হিচাপে মৰ্যাদা পায় । ধন থাকিলে মান-মৰ্যাদা
আপুনা-আপুনি নিজৰ ওচৰলৈ আহে । পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয়, মান আৰু ভক্তি নকৰে । সেয়েহে
আজিকালি ধনেই আলাউদ্দিনৰ বন্তি যেন হৈছে ।
কিন্তু, ধন নাথাকিলেও মানুহ ভাল হ’ব পাৰে । ধনেই গৌৰৱ বঢ়ালেও
দুখীয়াজনৰ মনৰ গৌৰৱৰো স্থায়িত্ত্ব আছে । আজিকালি জ্ঞানীক লোকে চকুৰে চায়, উচ্চ আসনত বহুৱায় । আজিকালি
জ্ঞানীয়ে মৰ্যাদা পায় । ধনীৰ জ্ঞান নহ’লে মানুহে ভাল নোবোলে । আজিকালি সেয়ে ধনেই সৰ্বস্ব নহয় । ধনে
মৰ্যাদাক হ্ৰাস কৰিবও পাৰে । আজিকালি জ্ঞানে প্ৰাসগীকতা বহন কৰিছে ।
প্ৰশ্ন ২: ‘গৌৰৱ’ প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি
বুলি কোৱা হৈছে ?
উত্তৰঃ প্ৰকৃত
গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় ।
ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ
আত্মদানৰ ইতিহাসো গৌৰৱৰ বিষয় । ছেক্সপীয়েৰ, কবিৰ, মাধৱদেৱ আদি মহাপুৰুষৰ পূৰ্ণাংগ
জীৱনী পোৱা নাযায় । কিন্তু প্ৰজাই ৰাজ্যৰ সম্ৰাট বা ৰজাক যেনে – আকবৰ, চ্যুকাফা, নৰনাৰায়ণ, জুলিয়াছ ছিজাৰ, আলোকজেণ্ডাৰ, নেপলিয়ন বোনাপাৰ্ট আদিক যিমান
ভালদৰে জানে তাতকৈ বেছি ভালদৰে জানে ক্ৰমে গৌতম বুদ্ধ, শংকৰদেৱ, ভাৰ্জিল, প্লেটো, মাৰ্টিন লুথাৰ আদি একো একোজন সন্ত
মহাপুৰুষ জীৱনী । কিন্তু মহা মহা সম্রাটৰ বিস্তৃত জীৱনীহে পোৱা যায় । প্ৰকৃততে
জ্ঞান, আত্মসংযম, আত্মদান আদিয়ে সন্ত মহাপুৰুষ, সতী সাৱিত্ৰী আদিক অমৰত্ব প্ৰদান
কৰিছে ।
প্ৰশ্ন ৩: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা – “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনত পৰাস্ত কৰিব নোৱাৰে ।”
উত্তৰঃ উদ্ধৃত
বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া
হৈছে ।
দেশ বিজয় কৰা
বীৰসকলক আমি গৌৰৱৰ পাত্ৰ বুলি ভাবো । কিন্ত বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ
পৰা যায় । বিজেতাই মানুহক পৰাস্ত কৰে কিন্তু মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে ।
উদাহৰণ স্বৰূপে জুলিয়াছ ছিজাৰে বাস্তৱিকতে দেশ জয় কৰা নাছিল, কিন্তু ভাৰ্জিলে কৰিছিল । আলোকজেণ্ডাৰে
দেশ লৈছিল হয়, কিন্তু প্লেটোৱেহে মানুহৰ মন জয়
কৰিছিল । ইউৰোপত নেপলিয়ন বোনাপাৰ্টতকৈ মাৰ্টিন লুথাৰ বেছি জনপ্ৰিয় । আকবৰৰ ৰাজ্য
কেতিয়াবাই চাৰখাৰ হ’ল,কিন্তু গৌতম বুদ্ধৰ হোৱা নাই । চ্যুকাফাৰ ৰাজ্য আৰু নৰনাৰায়ণৰ ৰাজ্য
কালে ধ্বংস কৰিলে হয়, কিন্তু শংকৰদেৱৰ ৰাজ্য ধ্বংস কৰিব
পৰা নাই । মহাপুৰুষ ৰাজ্য টুটক ছাৰি বাঢ়িছেহে । নিউটন, ডাৰউইন আদি পণ্ডিতে তেওঁলোকৰ নিজৰ
মনৰ ভাৱ আনৰ মনত সুমুৱাই দি তেওঁলোকৰ নিচিনা সকলোকে চিন্তা কৰিবলৈ দিছে । অৰ্থাৎ চিন্তা, কৰ্ম, জ্ঞান, আত্মসংযম, আত্মদান আদি সদায় মানুহৰ মনত ৰৈ যায়
বিলীন নহয় ।
প্ৰশ্ন ৪: জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে ? বুজাই লিখা ।
উত্তৰঃ অসমত
অতীতৰে পৰা বংশ মৰ্যাদাই প্ৰাধান্য লাভ কৰিছে । ইয়াৰ বিষয়ে ‘গৌৰৱ’ প্ৰবন্ধটিতো উল্লেখ আছে । বৰুৱাৰ
ঘৰৰ ল’ৰাই আগ মালা আৰু আগ ঠগি পোৱাৰ নিয়ম
অসমীয়া সামাজিক আইনত বন্ধা আছে । কোলামণি হাজাৰ হওক সাধাৰণ মানুহৰ ল’ৰা, তেওঁ মালা আৰু ঠগি পাছে পাব ।
বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি, ক’লামণি দাস বংশৰ বিদ্যাভূষণ হ’লেও সাধাৰণ সামান্য মানুহ । এনে ধৰণৰ বংশ পৰম্পৰাই অসমীয়া সমাজত
আজিও প্ৰচলিত । অৰ্থাৎ উচ্চ বংশৰ লোকসকলে সদায় মৰ্যাদা আৰু নিম্ন বৰ্গৰ
মানুহ গুণসম্পন্ন হ’লেও মৰ্যাদা নোপোৱাকৈ থকাটো কালিৰাম
মেধিৰ ‘গৌৰৱ’ প্ৰবন্ধটিত কোৱা হৈছে । ই এক
পৰম্পৰাগত আৰু প্ৰবাহিত ৰীতি ৰূপেই আজি প্ৰচলিত হৈ আছে ।
প্ৰশ্ন ৫: প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা:
“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে ।”
উত্তৰঃ উদ্ধৃত
বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া
হৈছে ।
ৰূপৰ বাবেই যে
বিভিন্ন কাৰণ সংঘটিত হয় আৰু বহুবোৰ কাৰ্যৰ আৰু যে ৰূপেই ক্ৰিয়া কৰে সেয়া উদ্ধৃত
বাক্যশাৰীত প্ৰকাশিত হৈছে ।
গৌৰৱ উৎপন্ন হোৱা দ্বিতীয় বিধ
উপাদান শৰীৰৰ ভিতৰতো ৰূপে অন্যতম । ৰূপে জ্ঞানীৰ অজ্ঞানী কৰে, যুদ্ধ বিগ্ৰহৰ সৃষ্টি কৰে । ৰূপে জগতৰ বুৰঞ্জী পৰিৱৰ্তন কৰে আৰু
নিৰ্বলীক বলী কৰে । মহাদেৱৰ নিচিনা যোগিকো ভগৱানৰ বিস্ববিমোহন ৰূপে বলিয়া কৰিছিল
। ৰাম ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ । ডাণ্টেৰ ‘ডিভাইন কমেডি’ৰূপৰ পৰাই ওলাইছে । ৰূপৰ কিবা আচৰিত
চুম্বক শক্তি আছে । হিৰোৰ লাৱন্য শক্তিৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ
সাঁতুৰি সাঁতুৰি পাৰ হ’বলৈ ভয় নকৰিছিল । সাপ যেনেকৈ ৰোগীৰ
মন্ত্ৰত মুগ্ধ হয়, মানুহে তেনেকৈ ৰূপ মুগ্ধ হয় । এই
ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় । মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত
মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্ধীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল । ৰূপৰ
প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল । ৰূপ ঈশ্বৰদত্ত ।
কামদেৱ, এণ্ডিমিয়ান, তিলোত্তমা আৰু হলেনৰ ৰূপ মধুৰী নিজৰ
আৰ্জিত নহয় । কিন্তু সেইবুলিয়ে ৰূপৰ ওপৰত যে আমাৰ হাত নাই এনে নহয় । হৰমোহন ৰূপ
পাবলৈ নোৱাৰিলেও নিজ চেষ্টাৰ বলত কুৎসিত আকাৰ কিছু পৰিমানে কমাব পাৰি । জাপানিবিলাকে
তেওঁলোকৰ গঢ় কুকেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে । কিঞ্চিত কৃতকাৰ্যও
হৈছিল । ৰূপ সৌন্দৰ্য্য বঢ়োৱাত স্বাস্থ্যই বৰ সহায় কৰে । ভাল স্বাস্থ্য থাকিলে আৰু তেজ পৰিষ্কাৰ থাকিলে মুখৰ
গঢ় বেয়া হ’লেও আৰু মানুহ দেখিবলৈ কুশ্ৰী নহয়
। কিন্তু ৰোগীয়া মানুহৰ মুখ কাৰ্তিক, নাৰ্চিছাছৰ দৰে সুন্দৰ হ’লেও দেখিবলৈ কুৎচিত আৰু ঘিন লগা হয় । শৰীৰৰ মানসিক আৰ অন্তৰ্লিন
বলে ৰূপৰ জেউতি চৰায় ।
Post a Comment