অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম
পদৰ্পণ – পদ্মনাথ গোহাঞি
বৰুৱা
পাঠ ; ২
প্ৰথম
গোট – গদ্য
(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)
প্ৰশ্ন ১: ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম
পদাৰ্পণ’ শীৰ্ষক পাঠতি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণি’ নামৰ আত্মজীৱনী খনৰ পৰা সংগ্ৰহ কৰা
হৈছে ।
প্ৰশ্ন ২: মহাত্মা গান্ধীয়ে প্ৰথমবাবৰৰ বাবে কেতিয়া অসম ভ্ৰমণ
কৰিছিল ?
উত্তৰঃ মহাত্মা গান্ধীয়ে ইংৰাজী ১৯২১ চনৰ প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ
কৰিছিল ।
প্ৰশ্ন ৩: পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল – ‘মোৰ সোঁৱৰণি’ ।
প্ৰশ্ন ৪: ‘আগৰৱালা পকী’ ক’ত অৱস্থিত ?
উত্তৰঃ ‘আগৰৱালা পকী’ তেজপুৰ চহৰত অৱস্থিত ।
প্ৰশ্ন ৫: গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত
থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা ।
(খ) চমু প্ৰশ্ন : (মূল্যাংক – ২/৩)
প্ৰশ্ন ১: পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল-‘টেটোন তামুলী’ আৰু জয়মতী ।
প্ৰশ্ন ২: পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম
লিখা ।
উত্তৰঃ ‘বিজুলী’, ‘আসাম বন্তি’, আৰু ‘ঊষা’ ।
প্ৰশ্ন ৩: পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থ হ’ল – ‘গাঁও বুঢ়া’, ‘গদাধৰ’ আৰু ‘শ্ৰীকৃষ্ণ’ ।
প্ৰশ্ন ৪: মহাত্মা
গান্ধীয়ে ভাৰতৰ গবৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল ?
উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear
Sir’ বুলি সম্বোধন কৰি ‘Your
Excellency’ ৰ সলনি উকাকৈ অকল ‘Your’ বুলি চিঠি লিখিছিল ।
প্ৰশ্ন ৫: ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম
পদাৰ্পণ’ শীৰ্ষক পাঠতিত উল্লেখ কৰা দুগৰাকী
স্বাধীনতা যোদ্ধাৰ নাম লিখা ।
উত্তৰঃ মৌলানা মহম্মদ আলি আৰু তৰুণৰাম ফুকন ।
(গ ) দীঘল প্ৰশ্ন: (মূল্যাংক -৪/৫)
প্ৰশ্ন ১: পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে
গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিল ?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ভালেমান দিনৰ পৰাই ঘুনুক-ঘাঁনাককৈ
মহাত্মা গান্ধীৰ কথা শুনি আছিল । দক্ষিণ আফ্ৰিকা বাসী ভাৰত সন্তানৰ দুখ নিৰ্যাতন
মোচন আৰু অভাৱ-অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ
বিষয়ে পঢ়ি-শুনি তেখেতৰ প্ৰতি শ্রদ্ধা আৰু ভক্তিৰে পদ্মনাথ গোহাঞিবৰুৱাৰ অন্তৰ
ভৰি পৰিছিল । সেই সময়ছোৱাত আমাৰ দেশৰ মানুহে মহাত্মা গান্ধীৰ এই অসাধাৰণ
কাৰ্যকলাপ আৰু কীৰ্তি-কাহিনীৰ বিষয়ে বৰ বিশেষ নাজানিছিল যদিও দূৰ-দূৰণিৰ আমেৰিকা
যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানৱিক কাৰ্যকলাপৰ বহুলভাৱে আলোচনা আৰু সমালোচনা
চলিছিল । বিশেষকৈ আমেৰিকাৰ খ্ৰীষ্টিয়ান মিছনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱ জাতিৰ
মঙ্গলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিস্ময় মানি
তেখেতক ভূয়সী প্ৰশংসা কৰিছিল, আনকি সেই সম্প্ৰদায়ৰ পুৰিহিত পাদ্ৰীসকলে মহাত্মা গান্ধীজিক যিশু
খ্ৰীষ্টতকৈও ওপৰত স্থান দিয়া কথাটোৱে গোহাঞিবৰুৱাক স্তম্ভিত কৰি তুলিছিল ।
এনেকুৱা এটা সময়তে মহামানৱ মহাত্মা গান্ধীজী নিজ জন্মভূমিলৈ উভটি আহিছিল । বুজা
কঢ়িয়াই ধ্বংসৰ মুখলৈ আগুৱাই যোৱা ভাৰতবাসীক উদ্ধাৰৰ অৰ্থে উঠি পৰি লাগিছিল ।
ইয়াৰ বাবে গান্ধীয়ে নৈতিক, দৈহিক, সামাজিক,ৰাজনৈতিক আদি বিবিধ বিষয়ক দেশহিতকৰ
কাৰ্যত আত্ম নিয়োগ কৰিছিল ।
সেই আলমতে গান্ধীজীয়ে সেই কালৰ ভাৰত গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিং
চাহাবলৈ যি পত্ৰ লিখিছিল তাত জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি ‘Your
Excellency’ ৰ সলনি উকাকৈ অকল ‘Your’ বুলি লিখিছিল, যি কাৰ্য সেই সময়ছোৱাত আন কোনেও
কৰিবলৈ সাহস কৰা গোহাঞিবৰুৱাৰ চকুত পৰা নাছিল । এই কাৰ্যবোৰৰ বাবেই মহান
স্বাধীনচেতিয়া মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু গান্ধীজীৰ দৰ্শন
লাভৰ সুযোগ বিচাৰি ফুৰিছিল ।
প্ৰশ্ন ২: গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা
।
উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্ধী নেতা মহাত্মা
গান্ধীয়ে ভাৰত পৰ্যটনৰ উদ্দেশ্যে যি যাত্ৰা আৰম্ভ কৰিছিল সেই যাত্ৰাৰে এটা অংশ
আছিল তেখেতৰ অসম ভ্ৰমণ । ১৯২১ চনৰ আগষ্ট মাহত গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ
কৰিবলৈ আহে । অসমৰ নেতাসকলৰ আক্ৰমণক্ৰমে ১৯২১চনৰ ১৮ আগষ্টত তেওঁ তেওঁৰ সহযোগী আৰু
সতীৰ্থ মহম্মদ আলি, আজাদ সুভানী, যমুনা লাল বাজাজ, আব্দুল হায়াত আদি লোকেৰে গঠিত ১১
জনীয়া দল এটি লৈ গোলকগঞ্জত উপস্থিত হয় আৰু তাৰ পিছত তেওঁলোকে পৰ্যায়ক্ৰমে
গুৱাহাটী, তেজপুৰ, নগাওঁ, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আদি ভ্ৰমণ কৰি অসহযোগৰ বাণী
প্ৰচাৰ কৰে আৰু শেষত শ্ৰীহট্টৰ পৰা ৩০ আগষ্টত কলিকতালৈ যাত্ৰা কৰে । গুৱাহাটীত আহি
তেওঁ সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনৰ ঘৰত (এদিন এৰাতিলৈ) সদলবলে
আলহী হৈছিল ।মহাত্মা গান্ধীৰ এই ভ্ৰমণে অসমত অসহযোগ আন্দোলনৰ শক্তি বৃদ্ধি কৰাৰ
লগতে কংগ্ৰেছৰ সাংগঠনিক স্থিতিও মজবুত কৰি তুলিছিল । মহাত্মা গান্ধীয়ে নিজেই
স্বীকাৰ কৰিছে যে তেওঁৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিততেই ৭৫ জন উকিলৰ ভিতৰত মুঠতে ১৫ জনে
ওকালতি বৰ্জন কৰি আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল । অৱশ্যে চৰকাৰী চাকৰি ইস্তফা দি
আন্দোলনত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা তাকৰীয়া আছিল ।
প্ৰশ্ন ৩: গান্ধীজী আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ
ভাষাত বুজাই লিখা ।
উত্তৰঃ মহাত্মা গান্ধীৰ জাহাজখন যেতিয়া ১৯২১ চনৰ ২১ আগষ্টৰ ৰাতিপুৱা
৯ বজাত তেজপুৰ জাহাজঘাটত লাগিলেহি, তেতিয়া অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা পদ্মনাথ গোহাঞিবৰুৱাই পোন
প্ৰথমে গৈ জাহাজত উঠিলেগৈ আৰু তৰুণৰাম ফুকনৰ আঙুলিৰ নিৰ্দেশৰে দেখুৱাই দিয়া
মাত্ৰকে গৈ গান্ধীজীক নমস্কাৰ কৰিলে । পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ কল্পনাৰ
গান্ধীজী আৰু বাস্তৱত দেখা পোৱা গান্ধীজীৰ শাৰীৰিক গঠনৰ পার্থক্যৰ কথা ভাবি তেওঁলৈ
একেথৰে চাই থাকোঁতেই তৰুণৰাম ফুকনে আহি গান্ধীজীৰ লগত পৰিচয় কৰাই দিলে এইদৰে ‘এখেত তেজপুৰৰ আগৰণুৱা দেখহিতৈষী
অসমীয়া নেতা ৰায় চাহাব পদ্মনাথ গোহাঞিবৰুৱা’ । কথাখিনি শুনি গান্ধীজীয়ে আচৰিত হৈ সুধিলে যে ৰায়চাহাব উটাধিধাৰী মানুহে
তেখেতক কিয় আদৰিবলৈ আহিছে । তেতিয়া তৰুণৰাম ফুকনে গান্ধীক বুজাই কলে যে
ৰায়চাহাব উপাধি ল’লেও পদ্মনাথ গোহাঞিবৰুৱাই আচলতে
ৰাইজৰ হৈ হে কাম কৰে । গান্ধীয়ে এই কথা শুনি সেই বিষয়টোৰ সামৰণি পেলাবলৈ
গোহাঞিবৰুৱালৈ চাই ক’লে তেওঁ আশাকৰে খিতাপ কিৰীটিয়ে
যাতে গোহাঞিবৰুৱাক পাক ঘূৰণী খুৱাই ৰাইজৰ প্ৰতিকূলমুখী নকৰে । পদ্মনাথ গোহাঞি
বৰুৱাইও তেওঁক তেনে কাম নকৰা প্ৰতিশ্ৰুতি হিচাপে মূৰ দুৱাই সন্মত হোৱাটো জনালে ।
ইয়াৰ পিছত পদ্মনাথক গান্ধীজীয়ে লগত অহা মৌলানা মহম্মদ আলিৰ লগত
চিনাকি কৰি দিলে আৰু তাৰ পিছত তিনিও জনে লগলাগি ‘স্বৰাজ’ সম্বন্ধে দুই এটা কথা পাতিলে ।
এনেকৈ কথা পাতি থাকোতে পদ্মনাথৰ হাজপাৰৰ ওপৰত তেওঁলোকৰ চকু পৰিল । পদ্মনাথ
গোহাঞিবৰুৱাই অসমীয়া পাটৰ চুৰিয়া, কুৰ্তাচোলা পিন্ধাৰ লগতে আশী নম্বৰী সূতাৰ ঘৰতে বোৱা চেলেং চাদৰ লৈ
গৈছিল । দুয়োজনে গোহাঞিবৰুৱাৰ চোলা চুৰিযাৰ
প্ৰশংসা কৰিলে । গান্ধীজীয়ে চেলেংচাদৰৰ সূতা স্বদেশী নে সুধিলে ।
পদ্মনাথ গোহাঞিবৰুৱাই উত্তৰত ক’লে যে ‘সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি ঘৰত বোৱা কাপোৰহে’ । এই কথা শুনি গান্ধীজীৰ মুখমণ্ডলত
অসন্তোষৰ ভাব পৰিস্ফুট হ’ল আৰু পদ্মনাথৰ মুখলৈ চাই এনেদৰে ক’লে- এই চাদৰৰ সূতা বিদেশী-বিলাসী
আশাকৰোঁ, আপোনাৰ চোলা-চুৰীয়াৰ দৰে চাদৰো
অনতি পলমে সম্পূৰ্ণে স্বদেশী হয় যেন । এনেদৰে কিছু কথা পতাৰ পিছত তেওঁলোক আটাইয়ে
জাহাজৰ পৰা নামি আহিল ।
প্ৰশ্ন ৪: গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিছ বৈঠকৰ আয়োজন কৰিছিল, বুজাই লিখা ।
উত্তৰঃ মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণৰ সময়ত যেতিয়া তেজপুৰ চহৰলৈ
গৈছিল জাহাজ ঘাটৰ পৰা তেখেতক প্ৰথমে হৰিবিলাস আগৰৱালাৰ ‘পকী কুঠিলৈ’ নিয়া হৈছিল । তাত আদৰনী সমিতিৰ
সদস্য সকলে তেখেতৰ আলপৈচান ধৰে তেওঁলোকে পকিধৰৰ ভিতৰত তেওঁক যতনাই ৰখা ছাগলীৰ
গাখীৰেৰে জলপান কৰায় । ইফালে গান্ধীক চাবলৈ অহা মানুহেৰে পকীঘৰৰ বাহিৰ ভিতৰ ভৰি
পৰিছিল । আলিবাটত চলাচল কৰিবৰ উপায় নোহোৱা হৈছিল । হাজাৰ বুজাইও কোনো জনকে সেই
ঠাইৰ পৰা লৰচৰ কৰিব নোৱাৰিলে । উপায় নাপায় আলোচনা কৰি গান্ধীজীক পকীঘৰৰ চাদলৈ লৈ
যোৱাৰ ব্যৱস্থা কৰা হৈছিল । সেই অনুসৰি মহাত্মা গান্ধী চাদৰ ওপৰলৈ উঠি উদং গাৰে
কৃষ্ণভঙ্গীৰে থিয় দিলেগৈ, উদগ্ৰীৱ ৰাইজে হেঁপাহ পলুৱাই গান্ধী
দৰ্শন কৰিলে । গান্ধীয়ে সন্মোহিনী মূৰ্তিৰে পোন্ধৰ মিনিট মান পকীৰ ওপৰত পৰমানন্দে
দৰ্শকক দৰিশন দি দৰ্শকৰ আগ্ৰহ দেখি নিজেও আনন্দত আপ্লুত হৈ পৰিছিল । তেখেতে অংগীভঙ্গীৰে
প্ৰণাম সম্ভাষণ জ্ঞাপন কৰি ৰাইজৰ পৰা সাম্প্ৰতিক ভাবে বিদায়লৈ তললৈ নামি আহিছিল ।
ৰাইজসকলো ঘৰাঘৰি গৈদিল
ইয়াৰ পিছত সন্ধিয়া সাত বজাৰ পৰা ‘পকী’ৰ সন্মুখত বহল ঘাঁহনি চোতালত দলিচা
সতৰঞ্চি, ত্ৰিপাল আদি পাৰি মজলিছ বৈঠক পতা
হৈছিল । পূৰ্বনিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি টাউনৰ গণ্যমান্য লোকসকল দূৰৈৰ পৰা আহি
অভ্যৰ্থনাত যোগ দিয়া ৰাইজৰ নেতা শ্ৰেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি আহি নিজ নিজ আসনত
বহিছিল । ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱাৰ বাহিৰে আন কোনো চৰকাৰী চাকৰীয়াল,পেঞ্চনীয়া আৰু গৱৰ্ণমেণ্ট খিতাপ
ধাৰীলোকে সেই মজলিছত যোগ দিয়া নাছিল । ৭ বজাত গান্ধীজী যেতিয়া আহি সেই মজলিছত
থিয় দিছিল তেতিয়া সমবেত সমজুৱাই একেচাবে উঠি থিয় দি তেখেতক সন্মান জনাইছিল ।
গান্ধীজী আহি তেখেতৰ বাবে সজাই থোৱা সৰু চালপীৰাত পিচ্ গৰু দিয়া সুনিৰ্দিষ্ট আসনত
বহি পৰিছিল । আসন গ্ৰহণ কৰি তেখেতে হিন্দী গুজৰাটী ভাষাত তেখেতৰ ভাৰত ভ্ৰমণৰ
উদ্দেশ্য ব্যাখ্যা কৰি সুগভীৰ সাৰুৱা বক্তৃতা দিবলৈ আৰম্ভ কৰিছিল, সমবেত ৰাইজে তেখেতৰ বক্তৃতা মন্ত্ৰ
মুগ্ধৰ দৰে শুনি গৈছিল । বক্তৃতাত গান্ধীজীয়ে ‘স্বৰাজ’ আৰু ‘অসহযোগিতা’ এই জটিল বিষয় দুটাৰ বিষয়ে বিশদ
ভাৱে বিৱৰণ দাঙি ধৰিছিল – যি দুটা বিষয়ৰ ওপৰত তেজপুৰ চহৰত
আগেয়ে তেনে কোনো আলোচনা কৰা হোৱা নাছিল । সেই বক্তৃতা সন্ধিয়া আঠ বজাৰ পৰা দহ
বজালৈকে ‘পূৰা দুঘণ্টা সময় বিৰতি নোলোৱাকৈ
দিয়া হৈছিল’ আৰু শ্ৰোতাসকলেও একমন হৈ নীৰৱে
শুনিছিল । বক্তৃতাৰ অন্তত, গান্ধীজীয়ে পিছদিনাখনৰ
কাৰ্যতালিকাৰ আভাস দি বিনীত ভাৱে বৈঠকত উপস্থিত ৰাইজৰ পৰা বিদায় লৈ পকীৰ ভিতৰ
চৰালৈ সোমাই গৈছিল ।
প্ৰশ্ন ৫: “আচৰিত, ৰায়চাহাব
খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে ।”- এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল
বুজাই লিখা ।
উত্তৰঃ উক্ত কথাফাকি মহাত্মা গান্ধীয়ে পদ্মনাথ গোহাঞিবৰুৱাক কৈছিল ।
মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়ত যেতিয়া গান্ধীজীৰ জাহাজ গৈ তেজপুৰৰ জাহাজ ঘাটত
চাপিছিল, তেতিয়া অধিৰ আগ্ৰহেৰে বাট চাই থকা
পদ্মনাথ গোহাঞিবৰুৱাই প্ৰথমেই গৈ সেই জাহাজত উঠিছিল । জাহাজত উঠিয়েই তেওঁ তৰুণৰাম
ফুকনৰ আঙুলিৰ নিৰ্দেশ অনুসৰি হৈ মহাত্মা গান্ধীজীক নমস্কাৰ জনাইছিল । এনে সময়তে
তৰুণৰাম ফুকনে আহি পদ্মনাথ গোহাঞিবৰুৱাক গান্ধীজীৰ ওচৰত পৰিচয় কৰাই দিছিল এনেদৰে-“এখেত এজন তেজপুৰৰ আগৰণুৱা দেশ
হিতৈষী অসমীয়া নেতা – ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা ।” এই কথা শুনি গান্ধীজী উপচ খাই উঠাৰ
দৰে হৈছিল আৰু আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে আদিৰিবলৈ
আহে ।’ কথাষাৰ কৈছিল । ইয়াৰ কাৰণ এনে
ৰায়চাহাব হ’ল চৰকাৰৰ ফালৰ পৰা প্ৰদত্ত খিতাপ ।
সেই সময়ত এনেলোক সকলে চৰকাৰৰ ভয়ত এনে অনুষ্ঠানত অংশগ্ৰহণ নকৰিছিল আৰু ৰাইজৰ
মঙ্গলৰ হকে মাত মাতিবলৈ কণ্ঠবোধ কৰিছিল । তেনেস্থলত এনে খিতাপধাৰী এজনে মুকলিভাৱে
গান্ধীজীক লগ পাব অহাত তেখেত (গান্ধীজী) আচৰিত হৈ গৈছিল । তৰুণৰাম ফুকনে তেতিয়া
বুজাই দিছিল যে গোহাঞিবৰুৱাই ‘ৰায়চাহাব’ যাচি দিয়া চৰকাৰী খিতাপ পিন্ধিলেও
সৰ্বতোভাৱে ৰাইজৰ ফলীয়া হৈ হে কাৰ্যক্ষেত্ৰত আগবাঢ়ে । কথা শুনি গান্ধীজীয়ে
গোহাঞিবৰুৱাক এনেদৰে কৈছিল যিহওক, আশাকৰোঁ খিতাপৰ কিৰীটীয়ে পাক ঘুৰণি খুৱাই আপোনাক প্ৰতিকূলমুখীয়া
নকৰক যেন ।” পদ্মনাথ গোহাঞিবৰুৱাই মূৰ দোৱাই
তেখেতৰ কথাত সন্মতি প্ৰকাশ কৰিছিল ।
অতিৰিক্ত প্রশ্নোত্তৰ
প্ৰশ্ন (ক) হৰিবিলাস আগৰৱালাৰ ঘৰত মহাত্মা গান্ধীক কিহেৰে আপ্যায়ন কৰা হৈছিল
?
উত্তৰ: ছাগলীৰ গাখীৰেৰে।
প্ৰশ্ন (খ) গান্ধীজীয়ে তেজপুৰত কিহৰ ওপৰত বক্তৃতা দিছিল?
উত্তৰঃ স্বৰাজ আৰু অসহযােগিতাৰ
ওপৰত।
প্ৰশ্ন (গ) মহাত্মা গান্ধীৰ লগত অসমকৈ অহা নেতাজন কোন আছিল?
উত্তৰঃ মৌলানা মহম্মদ আলি চাহাব।
প্ৰশ্ন (ঘ) অসমীয়া ভাষাৰ প্রথম উপন্যাসখনৰনাম কি?
উত্তৰ : পদ্মনাথ গােহাঞিবৰুৱাৰ
ভানুমতী’।
প্ৰশ্ন (ঙ) পদ্মনাথ গােহাঞিবৰুৱাৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ শ্ৰীকৃষ্ণ।
প্ৰশ্ন (চ) অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন কোন আছিল?
উত্তৰ: পদ্মনাথ গােহাঞিবৰুৱা।
প্ৰশ্ন (ছ) অসম সাহিত্য সভাৰ প্রথম অধিবেশন কত অনুষ্ঠিত হৈছিল?
উত্তৰঃ শিৱসাগৰত।
প্ৰশ্ন (জ) পদ্মনাথ গােহাঞিবৰুৱাইভাৰত চৰকাৰৰ পৰা কি উপাধি পাইছিল?
উত্তৰঃৰায়চাহাব।
প্ৰশ্ন (ঝ) তেজপুৰৰ কোনজন উকীলে মহাত্মা গান্ধী আৰু মহম্মদআলি চাহাবক নমস্কাৰ
জনাইছিল?
উত্তৰঃ বাবু মহেন্দ্রনাথ উকীলে।
গৌৰৱ – কালিৰাম মেধি
পাঠ: ৩
প্ৰথম গোট – গদ্য
(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)
প্ৰশ্ন ১: কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয়
গ্ৰন্থখনৰ নাম লিখা ।
উত্তৰঃ কালিৰাম
মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল-“অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব” ।
প্ৰশ্ন ২: ‘ডিভাইন কমেডি’ কাৰ ৰচনা ?
উত্তৰঃ ‘ডিভাইন কমেডি’ ইটালীৰ বিশ্ববিখ্যাত কবি ডাণ্টেৰ
ৰচনা ।
প্ৰশ্ন ৩: নেপলিয়ান বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?
উত্তৰঃ নেপলিয়ান
বোনাপাৰ্ট ফ্ৰান্স দেশৰ বীৰ আছিল ।
প্ৰশ্ন ৪: মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে ?
উত্তৰঃ মৈথিলী
আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে ।
প্ৰশ্ন ৫: জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে ?
উত্তৰঃ
জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে ।
(খ) চমু প্ৰশ্ন : ( মূল্যাংক – ২/৩)
প্ৰশ্ন ১: সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে ?
উত্তৰঃ গৌৰৱ তিনি
ঠাইৰ পৰা উৎপন্ন হয় – সৌভাগ্য, শৰীৰ আৰু মন। সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মান আহে । জন্মসূত্ৰে লাভ
কৰা ধন আৰু মান পোৱা ব্যক্তিসকলে নিজস্ব ভাৱে কিবা ভাল কাম কৰক বা নকৰক সমাজত
কিন্তু তেওঁলোকৰ স্থান সদায় একেই থাকে । উদাহৰণ স্বৰূপে নিধিৰাম বৰুৱাৰ পুতেক
গৰুচোৰ হ’লেও ভূঞা পোৱালি বৰুৱাৰ ঘৰৰ ল’ৰাই আগমালা আৰু আগ ঠগি পোৱাৰ নিয়ম
সামাজিক আইনত বন্ধ আছে । কিন্তু সাধাৰণ মানুহৰ ল’ৰা-ছোৱালীয়ে জন্মসূত্ৰে সাধাৰণ হোৱা বাবে নিজৰ কৃতিত্বৰ বাবে কিন্তু
সমাজত আগস্থান নাপায় ।
প্ৰশ্ন ২: ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে ? বুজাই লিখা ।
উত্তৰঃ ৰূপৰ বলত
পোৱা মান ভক্তি স্থায়ী নহয় । কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে ।
প্ৰশ্ন ৩: বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?
উত্তৰঃ
বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে ।
প্ৰশ্ন ৪: শুদ্ধোধনৰ নাম মানুহে কিয় জানে ?
উত্তৰঃ শুদ্ধোধন
গৌতম বুদ্ধৰ পিতৃ আছিল বাবে মানুহে তেওঁৰ নাম জানে ।
প্ৰশ্ন ৫: দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে ?
উত্তৰঃ দেশ জয়
কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে । কাৰণ বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন
বিজিত দেশ তেওঁৰ হাতৰ পৰা যায় । বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে ।
(গ) দীঘল প্ৰশ্ন: ( মূল্যাংক – ৪/৫)
প্ৰশ্ন ১: ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল’ – কথাষাৰ বুজাই লিখা ।
উত্তৰঃ উদ্ধৃত
কথাফাঁকিৰ দুয়োপিনে যুক্তি আছে । আজিকালি ধন থকা জনে মৰ্যাদা আৰু শ্ৰদ্ধা লাভ কৰে
। ধন থকা জনৰ পুত্ৰই কু-কৰ্ম কৰিলেও তেওঁলোকৰ মানহানি নহয় । ধন থকাজনৰ গোন্ধই
সকলোকে তেওঁৰ ওচৰত বিনীত, বিনয়ী, শিষ্টাচাৰী আৰু নম্ৰ কৰি ৰাখে । ধন
থাকিলে দান নিদিয়া লোকেও দানী হিচাপে মৰ্যাদা পায় । ধন থাকিলে মান-মৰ্যাদা
আপুনা-আপুনি নিজৰ ওচৰলৈ আহে । পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয়, মান আৰু ভক্তি নকৰে । সেয়েহে
আজিকালি ধনেই আলাউদ্দিনৰ বন্তি যেন হৈছে ।
কিন্তু, ধন নাথাকিলেও মানুহ ভাল হ’ব পাৰে । ধনেই গৌৰৱ বঢ়ালেও
দুখীয়াজনৰ মনৰ গৌৰৱৰো স্থায়িত্ত্ব আছে । আজিকালি জ্ঞানীক লোকে চকুৰে চায়, উচ্চ আসনত বহুৱায় । আজিকালি
জ্ঞানীয়ে মৰ্যাদা পায় । ধনীৰ জ্ঞান নহ’লে মানুহে ভাল নোবোলে । আজিকালি সেয়ে ধনেই সৰ্বস্ব নহয় । ধনে
মৰ্যাদাক হ্ৰাস কৰিবও পাৰে । আজিকালি জ্ঞানে প্ৰাসগীকতা বহন কৰিছে ।
প্ৰশ্ন ২: ‘গৌৰৱ’ প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি
বুলি কোৱা হৈছে ?
উত্তৰঃ প্ৰকৃত
গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় ।
ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ
আত্মদানৰ ইতিহাসো গৌৰৱৰ বিষয় । ছেক্সপীয়েৰ, কবিৰ, মাধৱদেৱ আদি মহাপুৰুষৰ পূৰ্ণাংগ
জীৱনী পোৱা নাযায় । কিন্তু প্ৰজাই ৰাজ্যৰ সম্ৰাট বা ৰজাক যেনে – আকবৰ, চ্যুকাফা, নৰনাৰায়ণ, জুলিয়াছ ছিজাৰ, আলোকজেণ্ডাৰ, নেপলিয়ন বোনাপাৰ্ট আদিক যিমান
ভালদৰে জানে তাতকৈ বেছি ভালদৰে জানে ক্ৰমে গৌতম বুদ্ধ, শংকৰদেৱ, ভাৰ্জিল, প্লেটো, মাৰ্টিন লুথাৰ আদি একো একোজন সন্ত
মহাপুৰুষ জীৱনী । কিন্তু মহা মহা সম্রাটৰ বিস্তৃত জীৱনীহে পোৱা যায় । প্ৰকৃততে
জ্ঞান, আত্মসংযম, আত্মদান আদিয়ে সন্ত মহাপুৰুষ, সতী সাৱিত্ৰী আদিক অমৰত্ব প্ৰদান
কৰিছে ।
প্ৰশ্ন ৩: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা – “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনত পৰাস্ত কৰিব নোৱাৰে ।”
উত্তৰঃ উদ্ধৃত
বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া
হৈছে ।
দেশ বিজয় কৰা
বীৰসকলক আমি গৌৰৱৰ পাত্ৰ বুলি ভাবো । কিন্ত বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ
পৰা যায় । বিজেতাই মানুহক পৰাস্ত কৰে কিন্তু মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে ।
উদাহৰণ স্বৰূপে জুলিয়াছ ছিজাৰে বাস্তৱিকতে দেশ জয় কৰা নাছিল, কিন্তু ভাৰ্জিলে কৰিছিল । আলোকজেণ্ডাৰে
দেশ লৈছিল হয়, কিন্তু প্লেটোৱেহে মানুহৰ মন জয়
কৰিছিল । ইউৰোপত নেপলিয়ন বোনাপাৰ্টতকৈ মাৰ্টিন লুথাৰ বেছি জনপ্ৰিয় । আকবৰৰ ৰাজ্য
কেতিয়াবাই চাৰখাৰ হ’ল,কিন্তু গৌতম বুদ্ধৰ হোৱা নাই । চ্যুকাফাৰ ৰাজ্য আৰু নৰনাৰায়ণৰ ৰাজ্য
কালে ধ্বংস কৰিলে হয়, কিন্তু শংকৰদেৱৰ ৰাজ্য ধ্বংস কৰিব
পৰা নাই । মহাপুৰুষ ৰাজ্য টুটক ছাৰি বাঢ়িছেহে । নিউটন, ডাৰউইন আদি পণ্ডিতে তেওঁলোকৰ নিজৰ
মনৰ ভাৱ আনৰ মনত সুমুৱাই দি তেওঁলোকৰ নিচিনা সকলোকে চিন্তা কৰিবলৈ দিছে । অৰ্থাৎ চিন্তা, কৰ্ম, জ্ঞান, আত্মসংযম, আত্মদান আদি সদায় মানুহৰ মনত ৰৈ যায়
বিলীন নহয় ।
প্ৰশ্ন ৪: জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে ? বুজাই লিখা ।
উত্তৰঃ অসমত
অতীতৰে পৰা বংশ মৰ্যাদাই প্ৰাধান্য লাভ কৰিছে । ইয়াৰ বিষয়ে ‘গৌৰৱ’ প্ৰবন্ধটিতো উল্লেখ আছে । বৰুৱাৰ
ঘৰৰ ল’ৰাই আগ মালা আৰু আগ ঠগি পোৱাৰ নিয়ম
অসমীয়া সামাজিক আইনত বন্ধা আছে । কোলামণি হাজাৰ হওক সাধাৰণ মানুহৰ ল’ৰা, তেওঁ মালা আৰু ঠগি পাছে পাব ।
বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি, ক’লামণি দাস বংশৰ বিদ্যাভূষণ হ’লেও সাধাৰণ সামান্য মানুহ । এনে ধৰণৰ বংশ পৰম্পৰাই অসমীয়া সমাজত
আজিও প্ৰচলিত । অৰ্থাৎ উচ্চ বংশৰ লোকসকলে সদায় মৰ্যাদা আৰু নিম্ন বৰ্গৰ
মানুহ গুণসম্পন্ন হ’লেও মৰ্যাদা নোপোৱাকৈ থকাটো কালিৰাম
মেধিৰ ‘গৌৰৱ’ প্ৰবন্ধটিত কোৱা হৈছে । ই এক
পৰম্পৰাগত আৰু প্ৰবাহিত ৰীতি ৰূপেই আজি প্ৰচলিত হৈ আছে ।
প্ৰশ্ন ৫: প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা:
“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে ।”
উত্তৰঃ উদ্ধৃত
বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া
হৈছে ।
ৰূপৰ বাবেই যে
বিভিন্ন কাৰণ সংঘটিত হয় আৰু বহুবোৰ কাৰ্যৰ আৰু যে ৰূপেই ক্ৰিয়া কৰে সেয়া উদ্ধৃত
বাক্যশাৰীত প্ৰকাশিত হৈছে ।
গৌৰৱ উৎপন্ন হোৱা দ্বিতীয় বিধ
উপাদান শৰীৰৰ ভিতৰতো ৰূপে অন্যতম । ৰূপে জ্ঞানীৰ অজ্ঞানী কৰে, যুদ্ধ বিগ্ৰহৰ সৃষ্টি কৰে । ৰূপে জগতৰ বুৰঞ্জী পৰিৱৰ্তন কৰে আৰু
নিৰ্বলীক বলী কৰে । মহাদেৱৰ নিচিনা যোগিকো ভগৱানৰ বিস্ববিমোহন ৰূপে বলিয়া কৰিছিল
। ৰাম ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ । ডাণ্টেৰ ‘ডিভাইন কমেডি’ৰূপৰ পৰাই ওলাইছে । ৰূপৰ কিবা আচৰিত
চুম্বক শক্তি আছে । হিৰোৰ লাৱন্য শক্তিৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ
সাঁতুৰি সাঁতুৰি পাৰ হ’বলৈ ভয় নকৰিছিল । সাপ যেনেকৈ ৰোগীৰ
মন্ত্ৰত মুগ্ধ হয়, মানুহে তেনেকৈ ৰূপ মুগ্ধ হয় । এই
ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় । মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত
মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্ধীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল । ৰূপৰ
প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল । ৰূপ ঈশ্বৰদত্ত ।
কামদেৱ, এণ্ডিমিয়ান, তিলোত্তমা আৰু হলেনৰ ৰূপ মধুৰী নিজৰ
আৰ্জিত নহয় । কিন্তু সেইবুলিয়ে ৰূপৰ ওপৰত যে আমাৰ হাত নাই এনে নহয় । হৰমোহন ৰূপ
পাবলৈ নোৱাৰিলেও নিজ চেষ্টাৰ বলত কুৎসিত আকাৰ কিছু পৰিমানে কমাব পাৰি । জাপানিবিলাকে
তেওঁলোকৰ গঢ় কুকেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে । কিঞ্চিত কৃতকাৰ্যও
হৈছিল । ৰূপ সৌন্দৰ্য্য বঢ়োৱাত স্বাস্থ্যই বৰ সহায় কৰে । ভাল স্বাস্থ্য থাকিলে আৰু তেজ পৰিষ্কাৰ থাকিলে মুখৰ
গঢ় বেয়া হ’লেও আৰু মানুহ দেখিবলৈ কুশ্ৰী নহয়
। কিন্তু ৰোগীয়া মানুহৰ মুখ কাৰ্তিক, নাৰ্চিছাছৰ দৰে সুন্দৰ হ’লেও দেখিবলৈ কুৎচিত আৰু ঘিন লগা হয় । শৰীৰৰ মানসিক আৰ অন্তৰ্লিন
বলে ৰূপৰ জেউতি চৰায় ।
Post a Comment