পাঠ: ৬ কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান – ড° হীৰেন গোঁহাই (প্ৰথম গোট – গদ্য)

 

কেম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান ° হীৰেন গোঁহাই

পাঠ: ৬

প্ৰথম গোট গদ্য

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্রশ্ন ১: কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত

উত্তৰঃ কেম নদীৰ উপত্যকাত অৱস্থিত । 

প্ৰশ্ন ২: কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত একত্ৰিছ খন (৩১) কলেজ আছে । 

প্ৰশ্ন ৩: ডঃ হীৰেণ গোহাঁয়ে অধ্যয়ন কৰা কেম্ব্ৰিজৰ কলেজখনৰ নাম লিখা । 

উত্তৰঃ ডঃ হীৰেণ গোহাঁয়ে অধ্যয়ন কৰা কেম্ব্ৰিজৰ কলেজখনৰ নাম হল- গণবিল এণ্ড কীইজ কলেজ । 

প্ৰশ্ন ৪: কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল

উত্তৰঃ ১২০৯ চনত অক্সফোৰ্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কেম্ব্ৰিজ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল । 

প্ৰশ্ন ৫: জৰ্জ ষ্টাইনাৰ কোন

উত্তৰঃ জৰ্জ ষ্টাইনাৰ এগৰাকী বিখ্যাত মাৰ্কিন পণ্ডিত । 

(খ) চমু প্ৰশ্ন : ( মূল্যাংক ২/৩) 

প্ৰশ্ন ১: ইউৰোপত মধ্যযুগত স্থান হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা ।

উত্তৰঃ পাৰি বা পেৰিছ বিশ্ববিদ্যালয়, হাইডেলবাৰ্গ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয় । 

প্ৰশ্ন ২: টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবেলাৰ কোন আছিল

উত্তৰঃ টমাছ আকুৱাইনাছ মধ্যযুগৰ ইউৰোপীয় (ইটালীৰ) এগৰাকী প্ৰখ্যাত দাৰ্শনিক আছিল । আনহাতে পিয়েৰ আবেলাৰ মধ্যযুগৰ পাশ্চাত্যৰ  এগৰাকী প্ৰখ্যাত দাৰ্শনিক, পণ্ডিত আৰু কবি আছিল ।

প্ৰশ্ন ৩: ইংলেণ্ডৰ গিৰ্জাত পৰিস্ফুট হোৱা তিনি প্ৰকাৰৰ গথিক স্থাপত্য শৈলীৰ নাম লিখা । 

উত্তৰঃ কলম, ৰিম আৰু নোটৰডাম । 

প্ৰশ্ন ৪: কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰৰ অধ্যক্ষবোৰক কলেজৰ ফেলোসকলে নিৰ্বাচন কৰিছিল । আৰু অধ্যক্ষৰ লগ লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল । অধ্যক্ষবোৰৰ ভিতৰত বাহিৰৰ পৰা অহা বিখ্যাত পণ্ডিতো আছিল । 

প্ৰশ্ন ৫: আৰবী গ্ৰন্থত প্লেটো আৰু এৰিষ্টটলক কি কি নামেৰে জনা যায়

উত্তৰঃ আৰবী গ্ৰন্থত প্লেটোৰ নাম আফ্লাতুনআৰু এৰিষ্টটলৰ নাম আৰিস্তু

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক ৪/৫) 

প্ৰশ্ন ১: কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা । 

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল । তেওঁলোক চাৰ্চৰ বা খ্ৰীষ্টীয় ধৰ্ম মণ্ডলীৰ অন্তৰ্ভুক্ত আছিল আৰু বিদ্যা চৰ্চাৰ বাবে চাৰ্চৰ অন্যান্য কামৰ পৰা তেওঁলোকক ভালেখিনি অব্যাহতি দিয়া হৈছিল । বিশ্ববিদ্যালয়বোৰে গীৰ্জাৰ পৰা পোৱা দান বৰঙণিৰ উপৰিও ধনী ব্যক্তি আৰু ব্যৱসায়ী সংঘৰ পৰাও অৰ্থ-সাহাৰ্য লাভ কৰিছিল । পণ্ডিতসকলেও বিশ্ববিদ্যালয়ৰ বাবে প্ৰচুৰ মাটি সংগ্ৰহ কৰিছিল । অৰ্থা ধৰ্ম চৰ্চাৰ দৰে বিদ্যা চৰ্চাও প্ৰয়োজনীয় বুলি সেই সময়ৰ গীৰ্জাৰ পৰিচাল সকলে অনুভৱ কৰিছিল ।

কলেজৰ ফেলোসকলে এজন অধ্যক্ষ নিৰ্বাচন কৰিছিল আৰু যুটীয়াভাৱে নিয়াৰিকৈ কলেজৰ প্ৰশাসনৰ দায়িত্ব লৈছিল ।

প্ৰশ্ন ২: ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা ।’- কথাষাৰ বুজাই লিখা । 

উত্তৰঃ ইউৰোপীয় পণ্ডিতসকলে প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত কঠোৰ নিৰ্ধাৰণ কৰিলেও ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা । খ্ৰীষ্টানৰ পবিত্ৰস্থান জেৰুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদগনিত বহু দশক জুৰি যি ক্ৰুছেড বা ধৰ্ম যুদ্ধ চলিছিল, তাৰ জৰিয়তে ইউৰোপীয়সকলে আৰৱসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ব, দৰ্শন চিকিসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল । সেই আৰৱ পণ্ডিতসকলৰ ভিতৰত ইবন্ ৰুশ্বড্, চিনা আদি অনেক গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল ইউৰোপীয় বিশ্ববিদ্যালয়বোৰত । 

প্ৰশ্ন ৩: কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান-কাৰ্য সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান ব্যৱস্থা সুকীয়া । কলেজৰ পৰা লেকচাৰ শুনিবলৈ ছাত্ৰসকলে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ যাব লাগে।প্ৰতিজন প্ৰবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰি তেওঁ সেইবোৰ বক্তৃতাৰ ভিত্তিত শেষত এখন কিতাপ লিখিব পাৰে । অৰ্থা বক্তৃতাবোৰত যথেষ্ট মৌলিক বিশ্লেষণ, ব্যাখ্যা আৰু অভিমত থাকিব লাগিব । কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্রিত পণ্ডিত তথা অনৰেৰী (অস্থায়ী) ফেলোৱেও এটা বা দুটা টাৰ্ম ক্লাছ লৈছিল । এনেদৰে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পাঠদান কৰা হৈছিল । 

প্ৰশ্ন ৪: ডঃ হীৰেণ গোহাঁইৰ সাহিত্য প্ৰতিভা সম্পৰ্কে চমুকৈ আলোচনা কৰা । 

উত্তৰঃ স্বৰাজোত্তৰ অসমৰ সাহিত্য জগত আৰু সমাজত এগৰাকী অনন্য সাধাৰণ সমালোচক হিচাপে অগ্ৰণী ভূমিকা পালন কৰা চিন্তাবিদ, শিক্ষাবিদ, সাহিত্যিক, সম্পাদক ডঃ হীৰেণ গোহাঁইৰ জন্ম ১৯৩৯ চনত হৈছিল । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা প্ৰাক্তন কলাগুৰু । 

হীৰেণ গোহাঁই দেৱৰ সৃষ্টিশীল কৰ্মৰ পৰিধি বহুত বহল । এতিয়ালকে তেওঁ প্ৰায় তিনি কুৰিখন গ্ৰন্থৰ উপৰিও বিভিন্ন কাকত আলোচনী আৰু সংকলনত তেওঁৰ বহুতো প্ৰবন্ধ সিঁচৰিত হৈ আছে । তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হসাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচক’, ‘সাহিত্য আৰু চেতনা’, ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্ৰোত আৰু কাণ্ডাৰী’, ‘কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা’, ‘কীৰ্তন পুথিৰ ৰস বিচাৰআৰু অসমৰ জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা। তেওঁৰ আত্মকথনমূলক গ্ৰন্থৰ ভিতৰত – ‘লস্ত লাগিজ’, ‘বিতাহত কৰ গধূলি গোপাল’, ‘হেঙুল আকাশ, লা চাইকেল আৰু এজন আৰোহী’, ‘সপোন দিকচৌ বনত’, ‘ইমান তিতা সাগৰৰ পানীআৰু উৰণীয়া হাঁহৰ মাত উল্লেখযোগ্য । গোহাঁইদেৱে অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰানামৰ গ্ৰন্থখনৰ বাবে ১৯৮৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । 

প্ৰশ্ন ৫: প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা :

দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে।জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয় ।

উত্তৰঃ উক্ত কথাকেইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ডঃ হীৰেণ গোহাঁইদেৱৰ ৰচিত কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠাননামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল । পণ্ডিতসকলে বিশ্ববিদ্যালয়ৰ বাবে প্ৰচুৰ মাটি-সম্পত্তি সংগ্ৰহ কৰিছিল, আনহাতে ধনী ব্যক্তি আৰু ব্যৱসায়ী সংঘৰ পৰা অৰ্থ সাহাৰ্যও লাভ কৰিছিল । অৰ্থা ধৰ্ম-চৰ্চাৰ বাবেই বিদ্যা-চৰ্চাৰ প্ৰয়োজন বুলি এসময়ত কেথলিক চাৰ্চে উপলব্ধি কৰিছিল । কলেজৰ সদস্যসকলে অধ্যক্ষ নিৰ্বাচন কৰিছিল আৰু অধ্যক্ষৰ লগ-লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল । কিন্তু পিছলৈ আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাই ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল । আৰৱ পণ্ডিতসকলে আকৌ গ্ৰীক-ৰোমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ব, দৰ্শন, চিকিসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল । অৰ্থা যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে । কেৱল সম্পত্তিৰ ৰূপত চোৱা জ্ঞান কেতিয়াও ফলপ্ৰসূ নহয় ।

0/Post a Comment/Comments