এখন চিঠি – হেম বৰুৱা
পাঠ:
৭
তৃতীয় গোট -কবিতা
(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)
প্ৰশ্ন ১: ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ কোনখন কবিতা
পুথিৰ অন্তৰ্গত ?
উত্তৰঃ ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ ‘মন-ময়ুৰী’ কবিতা পুথিখনৰ অন্তৰ্গত ।
প্ৰশ্ন ২: হেম
বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা ।
উত্তৰঃ হেম
বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম হ’ল – পাছোৱা ।
প্ৰশ্ন ৩: চেলা
গিৰিপথ ক’ত আছে ?
উত্তৰঃ চেলা
গিৰিপথ অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ ।
প্ৰশ্ন ৪: কবিয়ে
কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে ?
উত্তৰঃ যি
মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশৰ বুলি
কৈছে ।
প্ৰশ্ন ৫: ‘এখন চিঠি’ কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম কি ?
উত্তৰঃ মমতা ।
(খ) চমু প্ৰশ্ন : (মূল্যাংক – ২/৩)
প্ৰশ্ন ১: ‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত
তেওঁৰ পত্নীয়ে কি কৰিছিল ?
উত্তৰঃ সৈনিকজন
যুদ্ধলৈ যাবৰ সময়ত পত্নী গিৰাকীৰ মানসিক অৱস্থা অতি দুখলগা আছিল । বিবাহৰ জ্বালাত
তেওঁ বোবা হৈ পৰিছিল আৰু দু-চকুৰ লোতকে বাৰিষাৰ ঢলৰ ৰূপ ধাৰণ কৰিছিল ।
প্ৰশ্ন ২: ‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে
বিৱৰণ আগবঢ়াইছে ?
উত্তৰঃ কবিয়ে
সীমান্তৰ যুদ্ধৰ এটি নিখুঁত বৰ্ণনা দাঙি ধৰিছে । কবিতাৰ সৈনিকজন যি ঠাইত থিয় হৈ
আছে তাত কেৱল পৰ্বত আৰু পৰ্বত । এনে লাগে
যেন চৌদিশৰ পৰা পূৰ্বতে সাৱটি ধৰিছে । তাৰ মাজত কোনো কল্পনা নাথাকে । অৰ্থাৎ কোনো কল্পনাৰ কোনো অৰ্থ নাই । পিঞ্জৰাত বন্ধী পক্ষীৰ দৰেই
এটি শ্বাসৰুদ্ধ অৱস্থা । অতি কাব্যিকতাৰে কবিয়ে এই পৰিবেশৰ বৰ্ণনা দিছে যে ইয়াত
পৰ্বতৰ বাহু-বন্ধনত কল্পনা ছাই হৈ যায় ।
প্ৰশ্ন ৩:
সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে ?
উত্তৰঃ সৈনিক
জীৱনৰ মৃত্যুক তেওঁ স্বৰ্গীয় পাৰিজাত ফুলৰ লগত ৰিজাইছে – য’ত দেৱতাৰ আশীৰ্বাদ থাকে । কিয়নো তেওঁলোকে আশা আকাংক্ষা, প্ৰেম-প্ৰীতি, মায়া মোহ সকলো ত্যাগ কৰি দেশৰ হকে
তেওঁলোকে আত্ম উচৰ্গা কৰে কাৰণ তেওঁলোকৰ জীৱন দানে আন দহজনৰ জীৱন দান দিয়ে ।
প্ৰশ্ন ৪: নিজৰ
সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে ?
উত্তৰঃ যদি
যুদ্ধৰ তেওঁৰ মৃত্যু হয় তেতিয়াই যাতে তেওঁৰ ল’ৰা দুটিয়ে পিতৃৰ অভাৱ অনুভৱ নকৰে
তাৰ বাবে সৈনিকজনে তেওঁৰ পত্নীক অনুৰোধ জনাইছিল ।
প্ৰশ্ন ৫:
সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ কি ?
উত্তৰঃ চিঠিখন
লিখাৰ দিনাখনে ডাকত দিব নোৱাৰাৰ কাৰণ হ’ল – চিঠিখন লিখি থাকোতেই যুদ্ধ ক্ষেত্ৰত
পুনৰ নামি পৰিবলৈ সৈনিক জনলৈ নিৰ্দেশ আহিছে ।
(গ) দীঘল প্ৰশ্ন : (মূল্যাংক – ৪/৫)
প্ৰশ্ন ১: ‘এখন চিঠি’ কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে
মনোভাব প্ৰকাশ পাইছে ?
উত্তৰঃ এখন চিঠি
কবিতাটোত এগৰাকী সৈনিক তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছে । আদেশ পালে যিকোনো
মুহূৰ্ততে যুদ্ধক্ষেত্ৰলৈ যাবলৈ তেওঁ সাজু । ওখ পৰ্বতমালাৰ মাজত তেওঁ থিয় হৈ তেওঁ
পত্নীৰ পৰা বিদায় লৈ অহা মৌন ক্ষণৰ কথা চিঠিখনত সেৱাৰণ কৰিছে । সৈনিক গৰাকী
পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নী গৰাকীৰ মানসিক অৱস্থা অতি দুখলগা আছিল
। বিৰহ-বেদনাত তেওঁৰ মুখত মাত নাইকিয়া হৈ পৰিছিল । কেৱল দু-চকুৰ লোতকে বাৰিষাৰ
ঢলৰ ৰূপ ধাৰণ কৰিছিল । পত্নীৰ এনে অৱস্থা দেখি সৈনিক গৰাকীও শোকত বিহবল হৈ পৰিছিল
আৰু মুখেৰে এটা শব্দও ক’ব পৰা নাছিল । চিঠিখনত সৈনিকজনে
মৃত্যু সম্পৰ্কে তেওঁৰ পত্নীক এনেদৰে কৈছিল, যদি যুদ্ধত তেওঁৰ মৃত্যু হয় তেতিয়া সেয়া পাৰিজাত ফুল সদৃশ আৰু
দেৱতাৰ আশীৰ্বাদ স্বৰূপ । কাৰণ এজন সৈনিকৰ মৃত্যুৱে দহজনৰ জীৱন বচায় । লগতে তেওঁৰ
পত্নীক এটা অনুৰোধ কৰিছিল যে তেওঁৰ মৃত্যুৰ পিছত যাতে তেওঁৰ ল’ৰা দুটাই কেতিয়াও পিতৃৰ অভাৱ অনুভৱ
নকৰে ।
প্ৰশ্ন ২: সৈনিকৰ দেশপ্ৰেম ‘এখন চিঠি’ কবিতাত কেনেদৰে প্ৰকাশ পাইছে আলোচনা
কৰা ।
উত্তৰঃ এজন
সৈনিকৰ হৃদয়ৰ দুখ, বেদনা আৰু কৰ্তব্য বোধ, দেশপ্ৰেম সকলো কবিৰ কাপেৰে অতি
বাস্তৱ আৰু সুন্দৰভাৱে নিগৰি আহিছে ।
সৈনিকজনে পত্নীক
পত্ৰৰ জৰিয়তে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে । তেওঁৰ চকুৰ আগত ভাহি আছে বিদায়ৰ
মুহুৰ্তৰ পত্নী মুখেৰে ভাৱ ব্যক্ত কৰিব নোৱাৰা অথচ দুচকুৰ লোতকেৰে বান সৃষ্টি কৰা
অৱস্থাটো । পত্নীৰ আগত তেওঁৰ নিজৰ বাক ৰুদ্ধ অৱস্থাটোৰ বৰ্ণনাও তেওঁ পত্ৰৰ জৰিয়তে
পত্নীৰ আগত স্বীকাৰ কৰি গৈছে । তেওঁ এই অৱস্থাটোক পোৰা জুই বুলি কৈছে কিয়নো তেওঁৰ
অন্তৰৰ তাপ গুচাবলৈ একো উপায় নাই, সেই তাপ বনপোৰা জুইৰদৰে নিজেই জ্বলি জ্বলি শেষ হ’ব । এতিয়া তেওঁ আছে হেজাৰ হেজাৰ
ফুট ওখ পৰ্বতৰ মাজত যাৰ মাজত সোমাই পৰি তেওঁৰ কল্পনাবোৰ ছাই হৈ গৈছে । তেওঁৰ মতে
পৰ্বতবোৰত খুন্দা খাই প্ৰতিধ্বনিত হৈছে তেওঁৰ দৰে আৰু বহুজন সৈনিকৰ অন্তৰত জুই
শিখা, তেজৰ চেঁকুৰাবোৰ । ইয়াতেই মৰিশালী
হৈ গৈছে মৰমৰ আশাবোৰ ।
পৰ্বতৰ
নিস্তব্ধতাৰ মাজত লিখা আছে হেজাৰ হেজাৰ জনৰ দেশৰ হকে দান কৰা বুকুৰ তেজ, সমাধিস্থ হৈছে ক’ত আশা, সৈনিকজনৰ মতে সেয়া হয় মৌন ভাষাৰে
লিখা মহাকাব্য, তেজৰ বুৰঞ্জী ।
মৃত্যুৰ সম্পৰ্কে
সেয়া সৈনিকজনে কৈছে তেওঁলোকৰ যদি মৃত্যু হয় সেয়া পাৰিজাত ফুল সদৃশ, দেৱতাৰ আশীৰ্বাদ স্বৰূপ কাৰণ এজন
সৈনিকৰ মৃত্যুৱে আন দহজনৰ জীৱন বচায় । এনে মৃত্যু অবিনশ্বৰ বা অপৰাজেয় ।
এইদৰে সৈনিকজনৰ
জীৱনৰ বেদনা আৰু গৌৰৱ দুয়োটাকে অতি মৰ্মস্পশী ৰূপত প্ৰকাশ পাইছে ।
প্ৰশ্ন ৩: ‘এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াবহতা
কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ।
উত্তৰঃ এখন চিঠি
কবিতাটো হেম বৰুৱা দেৱৰ মন-ময়ুৰী নামৰ কবিতাপুথিৰ অন্তৰ্গত উল্লেখনীয় কবিতা ।
কবিতাটি অতি পোনপটীয়া। ঘৰৰ পৰা দূৰৈত মেঘাচ্ছন্ন পৰ্বতত থাকি দেশৰ হকে যুদ্ধ
দিয়া এজন সৈনিকৰ মনৰ কথা । কবিতাটোত পত্নী পুত্ৰৰ পৰা আঁতৰত থকাৰ শোকাবহ অনুভূতিৰ
লগতে দেশপ্ৰেমৰ মাহাত্ম্য অতি সাৱলীল ৰূপত প্ৰকাশিত হৈছে ।
কবিতাটো এটি
যুদ্ধৰ মুহুৰ্তৰ বৰ্ণনা । মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত ক্ষন্তেক বিশ্ৰাম লৈছে সৈনিকে
। তাতেই তেওঁ ঘৰলৈ চিঠি লিখিছে । লিখিবলৈ লৈ তেওঁৰ মনত পৰিছে বিদায় ক্ষণত নিথৰ হৈ
পৰা তেওঁৰ পত্নীৰ মুখখনৰ কথা । তেওঁৰ মুখত তেতিয়া কোনো শব্দ নাছিল । কেৱল বাৰিষাৰ
বান নামিছিল তেওঁৰ চকুত । উত্তৰত নিৰুত্তৰ হৈ পৰিছিল সাহসী সৈনিক । সেইবোৰ পাৰ হৈ
অহা কথা বাদ দি তেওঁ নিজৰ অৱস্থাৰ কথা বৰ্ণনা কৰিবলৈ ধৰিছে । এতিয়া তেওঁ আছে
হাজাৰ হাজাৰ ফুট ওখ পৰ্বতৰ মাজত যাৰ মাজত সোমাই পৰাৰ লগে লগে কল্পনা ছাই হৈ যায় ।
এই পৰ্বতবোৰৰ মাজতে বহু সৈনিকৰ তেজৰ চেঁকুৰাবোৰ প্ৰতিধ্বনিত হৈ আছে । ইয়াৰ মাজতেই
মৰিশালী হৈ গৈছে মৰম আশা ।
পৰ্বতৰ
নিস্তব্ধতাৰ মাজত লিখা আছে এখন তেজৰ বুৰঞ্জী । অৰ্থাৎ এনে পৰ্বতৰ বুকুতে
কিমানজনে দেশৰ বাবে তেজ দিছে, কিমানজনৰ আশাৰ সমাধি হৈছে সেয়া কোনেও সঠিকভাবে নাজানে । মহাকাব্যৰ
দৰে বিশাল সেই কাহিনী পৰ্বতৰ মৌন ভাষাতে যেন লেখি থোৱা আছে । এই পৰ্বতৰ পৰা এতিয়া
তেওঁ দুৰণিত ৰৈ ৰৈ কামনাৰ শব্দ হোৱা শুনিছে । চৌদিশে মাত্ৰ বাৰুদৰ ধোঁৱা ।
সেয়েহে মৃত্যু
ইয়াত তেনেই স্বাভাৱিক কথা । কিন্তু সেই মৃত্যু অপৰাজেয় । সেয়েহে তেওঁ লিখিছে যে
মৃত্যুৱে যদি অভিনন্দন জনায় তেনেহ’লে সেই মৃত্যু হ’ব দেৱতাৰ আশীৰ্বাদ ধন্য পাৰিজাত ফুলৰ দৰে । ইয়াৰ মাজতে তেওঁৰ ল’ৰা দুটালৈ মনত পৰিছে । সিহঁতক পিতৃৰ
অভাৱ অনুভৱ কৰিবলৈ যাতে নিদিয়ে তাৰ প্ৰতি দৃষ্টি দিবলৈ তেওঁ পত্নীক অনুৰোধ জনাইছে
। আৰু সিহঁতক ইয়াকে বুজাবলৈ কৈছে যে যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু
আত্মাৰ দৰেই অবিনশ্বৰ ।
ইতিমধ্যে আদেশ
আহিছে । ততাতৈয়াকৈ মৰম জনাই তেওঁ চিঠিখন সমৰিছে । শত্ৰু সৈন্যই চেলা গিৰিপথ
অতিক্ৰম কৰিছে । গতিকে চিঠিখন ডাকত দিয়াও নহ’ব । সেইটো তেওঁ জানে । কিন্তু সৈনিকৰ জীৱনেই এনেকুৱা ।
কবিয়ে ইয়াত
সৈনিকৰ জীৱনৰ বেদনা আৰু গৌৰৱ দুয়োটাকে অতি মৰ্মস্পৰ্শী ৰূপত প্ৰকাশ কৰিছে ।
প্ৰশ্ন ৪: ‘তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল’ কথাষাৰৰ মৰ্মাৰ্থ বুজাই লিখা ।
উত্তৰঃ ‘এখন চিঠি’ শীৰ্ষক কবিতাটি এখন যুদ্ধৰ মুহুৰ্তৰ
বৰ্ণনা । মেঘাচ্ছন্ন পৰ্বতত থাকি দেশৰ হকে যুদ্ধ দিয়া এজন সৈনিকৰ মনৰ কথা
।কবিতাটোত পত্নী পুত্ৰৰ পৰা আঁতৰত থকাৰ শোকাবহ অনুভূতিৰ লগতে দেশ প্ৰেমৰ মাহাত্ম্য
অতি সাৱলীল ৰূপত প্ৰকাশিত হৈছে । চিঠিখন লিখিবলৈ লৈ তেওঁৰ মনত পৰিছে বিদায় ক্ষণত
নিথৰ হৈ পৰা তেওঁৰ পত্নীৰ মুখখনৰ কথা সৈনিকজনে পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা
সময়ত পত্নী গৰাকীৰ মানসিক অৱস্থা অতি দুখলগা আছিল । তেওঁ বিৰহৰ জ্বালাত বোবা হৈ
পৰিছিল আৰু দু-চকুৰ লোতকে বাৰিষাৰ বানৰ ৰূপ ধাৰণ কৰিছিল । তোমাৰ চকু উপচি বাৰিষাৰ
বান নামিছিল কথাষাৰৰ মৰ্মাৰ্থ এইটোৱেই যে সৈনিকগৰাকীৰ পত্নীয়ে স্বামীৰ বিচ্ছেদত
দুখত ভাগি পৰিছিল । ঠিক যেনেকৈ বাতিষাৰ দিনত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সকলো
বিনষ্ট কৰে । নিজৰ বুজিবলৈ কাৰোৰে ওচৰত একো নাথাকে ।
প্ৰশ্ন ৫: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
(ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই
লেখি যোৱা তেজৰ বুৰঞ্জী ।
উত্তৰঃ উদ্ধৃত
কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট প্ৰখ্যাত কবি হেম বৰুৱাদেৱৰ ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে ।
কবিয়ে তেওঁৰ
কবিতাৰ নায়ক সৈনিকজন থিয় হৈ থকা ঠাইখিনি আৰু যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ
বৰ্ণনা দিয়াৰ প্ৰসংগত উক্ত কথাখিনিৰ অৱতাৰণা কৰিছে ।
কবিতাটিত কবিয়ে
যুদ্ধক্ষেত্ৰত সৈনিক এজনৰ উপলব্ধিৰ চিত্ৰ অংকন কৰিছে । চেলা গিৰিপথৰ ওচৰত এটি
পৰ্বতৰ মোহনতা আছে তেওঁ । এই চেলা গিৰিপথ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ঠাই । সীমান্ত
পথ । আটাইতকৈ জটিল এই সীমান্তৰ সুৰক্ষা । এনেবোৰ ঠাইত যোগাযোগৰ কোনো উত্তম
ব্যৱস্থা নাথাকে । অসহ্য শীত, খাদ্য চিকিৎসা আদিৰ সীমাবদ্ধতা এই সকলো বিলাকৰ মাজতে যিকোনো
মুহূৰ্ততে আক্ৰমণৰ মুখামুখি হোৱাৰ সম্ভাৱনাক লৈ ইয়াত সৈন্যসকল জীয়াই থাকে ।
গুলি, বাৰুদ, কামনাৰ শব্দৰে কম্পিত হৈ থাকে
পৰ্বতৰ মাটি । ইতিহাসৰ কিমান যুঁজত নীৰৱ সাক্ষী হৈ থিয় দি আছে এই পাহাৰবোৰ ।
কিমান তেজৰ চেঁকুৰা লাগি আছে তাত । পৰ্বতে মৌন ভাষাৰেই লিখি থৈছে এনে অলেখ কাহিনী
। সেয়েহে লেখকে কৈছে যে সীমান্তৰ প্ৰহৰিসকলৰ দুখ-বেদনা আৰু জীৱন দানৰ অলেখ
বীৰত্বব্যঞ্জন কাহিনী এই পাহাৰৰ বুকুতে সোমাই আছে । এখন মহাকাব্যৰ দৰেই এই কাহিনী
। মাথোঁ মৌন ভাষাৰে লেখা ।
(খ) মৃত্যুৱে যদি অভিনন্দন জনায়
সেই মৃত্যু পাৰিজাত ফুল
তাত দেৱতাৰ আশীৰ্বাদ আছে ।
উত্তৰঃ উপৰোক্ত
কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ সন্নিবিষ্ট হেম বৰুৱাদেৱৰ ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে
। কবিয়ে এখন সৈনিকে দেশৰ হকে জীৱন দান কৰি যি মহৎ কাম কৰি থৈ যায় তাকে
বুজাবলৈ এই কথাৰ অৱতাৰণা কৰিছে ।
এগৰাকী সৈনিকে
নিজৰ পত্নী, সন্তান, মা-দেউতা সকলো মায়া মোহক ত্যাগ কৰি
কেৱল দেশৰ স্বাৰ্থতে আত্মবলিদান দিয়ে, কাৰণ তেওঁৰ সেই বলিদানেৰে আন দহজনৰ জীৱন ৰক্ষা কৰিব পাৰে । সেয়েহে
কবিয়ে সেই মৃত্যুক স্বৰ্গীয় পাৰিজাতৰ লগত ৰিজাইছে । তেওঁৰ মতে এনে মহান ত্যাগ
দেৱতাৰ আশীৰ্বাদ স্বৰূপ । এজন সৈনিকৰ মৃত্যু অপৰাজেয় । এজন সাধাৰণ ব্যক্তিৰ
মৃত্যুৰ লগত এই সৈনিকৰ মৃত্যুক তুলনা কৰা এক অন্যায় ।
-0000-
Post a Comment