লাচিত ফুকন – দেৱকান্ত
বৰুৱা
পাঠ: ৫
তৃতীয় গোট -কবিতা
(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)
প্ৰশ্ন ১:
দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত ?
উত্তৰঃ ‘দোমোজাৰ কবি’ হিচাপে জনাজাত ।
প্ৰশ্ন ২:
দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি ?
উত্তৰঃ ‘সাগৰ দেখিছা’ ।
প্ৰশ্ন ৩:
দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায় ?
উত্তৰঃ ” আমি দুৱাৰ মুকলি কৰোঁ” কবিতাটোত প্ৰথমে আধুনিকতাৰ
প্ৰতিধ্বনি শুনা যায় ।
প্ৰশ্ন ৪: ‘দেশৰ বাতৰি শুনিবানে বীৰ’- ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ দেশৰ বীৰ
বুলি লাচিত ফুকনক কোৱা হৈছে ।
প্ৰশ্ন ৫: ‘নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ
জয়শ্ৰীৰ’- জয়শ্ৰী মানে কি ?
উত্তৰঃ জয়শ্ৰী
মানে হ’ল শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা
সৌভাগ্য বা মান ।
(খ) চমু প্ৰশ্ন : (মূল্যাংক – ২/৩)
প্ৰশ্ন ১: দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ
দেখা যায় ? সেই ইংৰাজ কবিগৰাকী কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয় ?
উত্তৰঃ দেৱকান্ত
বৰুৱাৰ কবিতাত ৰবাৰ্ট ব্ৰাউনিঙৰ কবিতাৰ প্ৰভাৱ দুখিবলৈ পোৱা যায় । ৰবাৰ্ট
ব্ৰাউনিঙৰ কাব্যিক শৈলীক স্বগতোক্তিৰ শৈলী বুলি কোৱা হয় ।
প্ৰশ্ন ২: ইব্ৰাহিম কোন আছিল ? তেওঁ কি বীৰত্ব প্রদর্শন কৰিছিল ?
উত্তৰঃ ইব্ৰাহিম
হ’ল বাইবেল আৰু কোৰাণত উল্লেখ থকা
এগৰাকী ঈশ্বৰৰ দূত বা নবী । ঈশ্বৰে সপোনত দিয়া নিৰ্দেশমতে তেওঁ নিজ পুত্ৰ ইছমাইলক
কোৰাবাণি বা বলিদান দিছিল ।
প্ৰশ্ন ৩: ‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’- ইয়াত গাধৰ পাল বুলি কবিয়ে কাক
বুজাইছে ?
উত্তৰঃ উপৰোক্ত
বাক্য ফাঁকিৰে কবিয়ে অসমত বসবাস কৰা নিৰ্বলী জনসাধাৰণক বুজাইছে । এই লোকসকলে যেন
হেৰাই পেলাইছে নিজস্ব শক্তি, বিচাৰ- বিবেচনা, আবেগ অনুভূতি সকলো । মাত্ৰ প্ৰভুজ্ঞান কৰা ক্ষমতালোভী সকলৰ কথামতে
উঠা বহা কৰিছে । যাৰ পূৰ্বপুৰুষ সিংহ সদৃশ লোক আছিল তেওঁৰে সন্তান সকল আজি গাধৰ
দৰে । আই মাতৃ অসমীৰ বাবে যেন তেওঁলোকৰ কোনো কৰিবলগীয়া নাই ।
প্ৰশ্ন ৪: ‘হে অসমৰ ত্যাগৰ মূৰ্তি ! মাতুল-ঘাতক
নবী’- ইয়াত কাক মাতুল ঘাতক নবী বুলি কৈছে ?
উত্তৰঃ ইয়াত
লাচিত ফুকনক মাতুল ঘাতক নবী বুলি কৈছে ।দেশৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ কাৰণে নিজৰ মোমায়েকৰ
জীৱনকো বলিদান দিবলৈ লাচিতে কণ্ঠবোধ কৰা নাছিল ।
প্ৰশ্ন ৫: দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে ?
উত্তৰঃ দেশ জননীৰ
পূজাৰ অদ্ভুট আয়োজন দেখি মুক্তি পলাল বুলি কবিয়ে কৈছে ।
(গ) দীঘল প্ৰশ্ন : (মূল্যাংক – ৪/৫)
প্ৰশ্ন ১: ‘লাচিত ফুকন’ কবিতাটিত কেনেধৰনৰ চিন্তা কৰ্মই
সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে ?
উত্তৰঃ লাচিত
ফুকন কবিতাটিত সমসাময়িক সমাজৰ বৰমুৰীয়া সকলৰ ভূৱা স্বদেশ প্ৰেমৰ নমুনাই দেশৰ
সোলক ঢোলক পৰিস্থিতি কৰি তোলাৰ বাবে কবিক ব্যতিব্যস্ত হৈ পৰা দেখা গৈছে । তেওঁ
লাচিত বৰফুকন আৰু বৰ্তমানৰ নেতাসকলৰ দেশ শাসনৰ ধৰণ-কৰণৰ তুলনা কৰি নিজকে নিজে দেশৰ
ভৱিষ্যতৰ কথা ভাবি উৎকণ্ঠীত হৈ পৰা দেখা গৈছে । অসমৰ সুযোগ্য বীৰ লাচিতে দেশৰ বাবে মোগল সেনাই কৰা
আক্ৰমণক বাধা দিবৰ বাবে এৰাতিৰ ভিতৰতে গড় বান্ধি পেলাইছিল আৰু কামত গাফিলতি কৰাৰ
বাবে নিজ মোমায়েকক কাটি দুটুকুৰা কৰিছিল । এই বীৰ লাচিতৰ দেশৰে বৰ্তমান বংশধৰসকলৰ
স্বদেশ প্ৰেম হ’ল নকল নবীছ অৰ্থাৎ যাৰ অন্তৰত অকনো নাই
স্বদেশানুৰাগ । আগৰ সেই বীৰ অসমীয়াৰ অকণো চিন
চাব নাই, তাৰ ঠাইত ভৰি পৰিছে গাধৰ পাল বুলি
কবিয়ে আক্ষেপ কৰিছে । তেওঁৰ মতে পবিত্ৰ অসম ভূমিত প্ৰভুক্ত গাধৰ পালে প্ৰভুৰ
আজ্ঞা অনুসৰি বুজা বওঁতে বওঁতে পিঠিৰ ছাল ছিগি গৈছে । ভুৱা স্বদেশপ্রেমৰ কোবাল
সোঁতত দেশৰ টলবল অৱস্থা । অন্ধ অনুকৰণকাৰী সকলে নিজৰ মাজতে ব্যংগ যুদ্ধৰ ৰচনাৰ
দ্ধাৰা ফাঁকি প্ৰবঞ্চনাৰে দেশ ভৰাই পেলাইছে।দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ ঘণ্টাৰ
সলনি পিয়ানো বজাই বা চাকিৰ সলনি, বেদিত মমবাতি জ্বলাই আৰতি কৰে । কবিয়ে এনেবোৰ কথাৰ জৰিয়তে
আধুনিকতাৰ নামত এচামে দেশখনলৈ অনা অন্ধ অনুকৰণৰ কথাকে সোঁৱৰাই যিবোৰৰ বাবে আমাৰ
আত্ম পৰিচয় গ্ৰাস কৰিবৰ উপক্ৰম হৈছে । তেওঁৰ মতে স্বদেশৰ নামত এওঁলোকে নানা বিপ্লৱ
কৰে কিন্তু দেশৰ প্ৰকৃত অৱস্থাৰ কোনো ভোকে নাপায় । বাহিৰৰ সমাজখনত ঘটা বিপ্লৱৰ বা
পৰিবৰ্তনৰ খবৰ ৰখাৰ বিপৰীতে দেশ প্ৰেমিকে কাণিৰ মূল্য কিমান তাৰ হিচাপতে ব্যস্ত হৈ
থাকিব খোজে । কবিৰ মতে বৰ্তমান (কবিৰ সময়ৰ) নেতাসকল হ’ল ভণ্ডামিৰে ভৰা ।
তেওঁলোকে দেশৰ
গভীৰ সমস্যা সমূহলৈ কৰ্ণপাত নকৰি সাধাৰণ কথা কিছুমানতে লাগি দেশ প্ৰগতিৰ স্বাভাৱিক
পথ ৰুদ্ধ কৰি থয় । এইসকল দেশ নেতাই লোকেল ব’ৰ্ডৰ সদস্য পদ বা মন্ত্ৰীত্বকে জীৱনৰ সৰ্বস্ব জ্ঞান কৰে, এই আশাতেহে দেশ প্ৰেমিকৰ ভাও জোৰে ।
কবিৰ মতে এই অজ্ঞানী অকৰ্মাণ্য লোকৰ কবলত পৰি দেশৰ অৱস্থা সোলক-ঢোলক হৈছে আৰু
এইবোৰৰ গচকনিত অসম জননীৰ হাত-ভৰি কোঙা হ’ল অৰ্থাৎ অসম দেশৰ গৌৰৱ কেনিও যাব নোৱাৰা হ’ল ।
প্ৰশ্ন ২: ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কেনেধৰণৰ দেশপ্ৰেমক
ভুৱা দেশ প্ৰেম বুলি কৈছে ?
উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবিয়ে অসমৰ সুযোগ্য
বীৰ সন্তান লাচিতৰ স্বদেশপ্ৰেমৰ কথা সোৱঁৰিছে । সেই স্বদেশানুৰাগৰ কথা সুঁৱৰি
বৰ্তমানক তাৰ লগত ৰিজাই চাবলৈ যত্ন কৰিছে আৰু দেশৰ এনে অৱস্থাৰ বাবে আক্ষেপ কৰিছে
। তেওঁ প্ৰথমেই উল্লেখ কৰিছে যে বৰ্তমানৰ স্বদেশপ্ৰেমীসকল হ’ল নকল-নবীছ । অৰ্থাৎ অন্তৰৰ পৰা কোনেও একো
নকৰে । স্বদেশপ্ৰেমী দেখুৱাবৰ বাবে প্ৰয়োজন হ’লে তেওঁলোকে নিজৰ মাজতে ব্যংগ যুদ্ধৰ অৱতাৰণা কৰে । দেশৰ মুক্তিৰ
নামত মন্দিৰত শংখ-ঘণ্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই বেদিত ৰাখি
এওঁলোকে পৰিৱৰ্তন আনিব খোজে । এওঁলোকৰ স্বদেশপ্ৰেমৰ কোবাল সোঁতত দেশ টলমল কৰিবলৈ
ধৰিছে, গছে, শিলে, বাঁহৰ তলে সকলোতে দেশপ্ৰেমৰ ঢৌ
উঠিছে, কিন্তু দেশৰ মানুহে যে খাবলৈ নাপায়
মৰিছে তাৰ কোনো খবৰ ৰাখোতা নাই । বাহিৰৰ সমাজখনত ঘটা বিপ্লৱৰ বা পৰিবৰ্তনৰ খবৰ
ৰখাৰ ঠাইত এইচাম দেশপ্ৰেমিকে কানিৰ মূল্য নিৰূপনতে ব্যস্ত থাকিব খোজে । সমস্ত
শাস্ত্ৰৰ তলি উদং কৰিও এওঁলোকে মৰ আউসীত হাল বালে কেনেধৰণৰ পৰাচিত তাকে ঠিৰাং কৰিব
নোৱাৰিলে বা মৃতকৰ কাম ত্ৰিশ দিনত কৰিব নে এঘাৰ দিনত কৰিব তাকে ঠাৱৰাব নোৱাৰিলে ।
অৰ্থাৎ এইসকল দেখহিতৈশীয়ে
কেতবোৰ অৰ্থহীন কথাত লাগি সময় নষ্ট কৰে; সমাজখনক ক্ৰমে কুপমুণ্ডকতালৈ লৈ যায় কিন্ত বাহিৰৰ পৃথিৱীখনৰ
পৰিবৰ্তনৰ লগত খাপ খুৱাই দেশখনক আগবঢ়াই নিয়াৰ প্ৰতি এওঁলোকৰ কোনো প্ৰচেষ্টা নাই
।
এইচাম দেশপ্ৰেমিক
হ’ল ভণ্ডামীৰে ভৰা । এওঁলোকে
বক্তৃতাৰে ৰণ জিনিব পাৰে আৰু বাঁহৰ কামীত চূণ সানি লৈ ৰণ কৰিব পাৰে । কিন্তু
এওঁলোকৰ স্বদেশ পূজাৰ মন্দিৰ হ’ল লোকেল ব’ৰ্ড । অৰ্থাৎ লোকেল ব’ৰ্ডৰ সদস্য পদ, এছেম্বলী বা মন্ত্ৰীত্ব আদিয়েই
এওঁলোকৰ লক্ষ্য, এইবোৰৰ মাজেৰেহে এওঁলোকে দেশসেৱা
কৰিব পাৰে । সেয়েহে এওঁলোকে লাচিতৰ দৰে প্ৰকৃত স্বদেশপ্ৰেমী বীৰৰ ভাষা বুজি
নোপোৱাই স্বাভাৱিক । এনে ধৰণৰ স্বদেশানুৰাগক কবিয়ে অতি সঠিকভাৱেই ভুৱা
স্বদেশপ্ৰেম বুলি আখ্যায়িত কৰিছে ।
প্ৰশ্ন ৩: ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে ‘দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে ?
উত্তৰঃ কবিয়ে
কবিতাটোত ‘অসম জননী বীৰ সন্তান’ লাচিত বৰফুকনৰ দ্ধাৰা বৰ্তমান সমাজৰ
(কবিৰ সময়ৰ) অধঃপতনৰ ফালে গতি কৰা ৰূপটোৰ কথা অতি দুখেৰে বৰ্ণনা কৰিবলৈ বিচাৰিছে
আৰু লগে লগে পুনৰ অসমীয়া বীৰ সন্তানসকলৰ অন্তৰত আকৌ সেই বীৰত্বভাৱে ঘূৰাই আনিবলৈ
কাতৰ প্ৰাৰ্থনা কৰিছে ।
কবিয়ে অতি
আক্ষেপেৰে কৈছে যে এনেকুৱা বীৰ লাচিতৰ দেশতে আজি কাপুৰুষৰ দল ভৰি পৰিছে যাক তেওঁ
গাধৰ পাল আখ্যা দিছে । গাধৰ দৰে প্ৰভুৰ আজ্ঞামতে কেৱল বোজা কঢ়িয়াই, যাৰ নিজস্বতা বুলিবলৈ একোৱেই নাই ।
লুইতৰ বিশাল পাৰত আজি অসমীয়া বুলি সাহসেৰে পৰিচয় দিব পৰা বীৰ নাই । সকলো দিশে
মাত্ৰ অন্ধ অনুকৰণ । আধুনিকতাৰ নামত মন্দিৰত শংখঘণ্টাৰ ঠাই পিয়ানো আৰু চাকিৰ ঠাই
মমবাতিয়ে লৈছে । কবিৰ মতে আজিৰ (কবিৰ সময়ৰ) দেশৰ নেতাসকল হ’ল ভণ্ডামি জালিয়তিৰে ভৰা ।
তেওঁলোকে দেশখনৰ
প্ৰকৃত সমস্যাৰ ফালে পিঠি দি নিজৰ সুবিধা অনুযায়ী সাধাৰণ কথা কিছুমানত লাগি দেশৰ
প্ৰগতিৰ পথ ৰুদ্ধ কৰি পেলায় । লোকেল ব’ৰ্ডৰ সদস্য পদ, এছেম্বলী আৰু মন্ত্ৰীত্ব আদিয়েই এওঁলোকৰ লক্ষ্য । এইবোৰৰ বাবেই
তেওঁলোকে দেশপ্ৰেমিকৰ অভিনয় কৰে । এই স্বাৰ্থপৰ দেশপ্ৰেমিকৰ হাতৰ পৰা কেনেকৈ
ক্ষমতা সমূহ আঁতৰাই প্ৰকৃত দেশপ্ৰেমিকৰ হাতত কাৰ্যভাৰ দিব পাৰি তাৰেই আশা কৰিছে
কবিয়ে । কবিৰ মতে এই ভণ্ডসকলৰ বাহিৰেও এনে বহুতো যুৱক আছে যাৰ হৃদয়ে দেশমাতৃৰ
দুদৰ্শাত ব্যাকুল হৈ উঠে আৰু লাচিতৰ দৰে নিস্বাৰ্থ বীৰৰ এটা আদেশৰ বাবে ৰৈ থাকে ।
সেয়ে কবিয়ে লাচিতক আহ্বান জনাইছে যেন তেওঁ আকৌ তেওঁৰ সেই দেশপ্ৰেমৰ মন্ত্ৰেৰে এই
যুৱকসকলক অনুপ্ৰাণিত কৰি তোলে ।
প্ৰশ্ন ৪: ‘লাচিত ফুকন’ কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্ৰেম
কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ।
উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটোত কবিয়ে লাচিত ফুকনৰ
স্বদেশপ্ৰেমৰ কথা বৰ্ণনা কৰিছে । লাচিতে নিজ সাহস আৰু বীৰত্বৰে কেনেকৈ নিজৰ দেশৰ
স্বাধীনতা অক্ষুন্ন ৰেখাৰ বাবে শত্ৰুৰ লগত যুজঁ দিছিল তাৰ বৰ্ণনা উক্ত কবিতাটোত
কবি দেৱকান্ত বৰুৱাই বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে । আহোম সেনাপতি লাচিতৰ সাহস আৰু
দেশপ্ৰেমৰ কাহিনী সকলোৱে জানে । কিয়নো দেশৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ কাৰণে লাচিতে
নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিছিল । কবিতাটোত কবিয়ে লাচিতৰ বিৰত্বৰ কথা সুঁৱৰি, দেশৰ কাৰণে, দহৰ কাৰণে মৃত্যুৰ আৱাহন শুনি, জাতিৰ বুকুত দুৰ্মদ যৌৱন জগাই তোলাৰ
কথা স্মৰণ কৰিছে । মোমাইকটা গড়ে আজিও লাচিতৰ ত্যাগ, বীৰত্ব তথা স্বদেশপ্ৰেমৰ কথা
সোঁৱৰাই । লাচিত ফুকন কবিতাটোত কবিয়ে লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰ লগত
দেৱতাৰ অৰ্থে পুত্ৰৰ বুকুত খনজৰ বহুওৱা ইব্ৰাহিমৰ বীৰত্বৰ কথাও বৰ্ণনা কৰিছে ।
প্ৰশ্ন ৫: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
(ক) বক্তৃতা দি আকাশ কঁপাই, চিঞঁৰত টেঁটু ফালি,
বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি
ৰণছাঁলি ।
উত্তৰঃ
ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট দেৱকান্ত বৰুৱাৰ ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে
।
কবিতাফাকিত
কবিয়ে বৰ্তমান সময়ৰ দেশপ্ৰেমিক সকলৰ কথা কৰ্মক বুজাবলৈ ব্যৱহাৰ কৰিছে । কবিয়ে আক্ষেপেৰে কৈছে যে বীৰ
লাচিতৰ দৰে মহান যোদ্ধা তথা দেশপ্ৰেমিকৰ দেশতে জন্ম লৈছে এইচাম ভণ্ড দেশপ্ৰেমিকে ।
তেওঁলোকৰ আহৰি নাই বাহিৰৰ সমাজখনত ঘটা বিপ্লৱৰ বা পৰিবৰ্তনৰ উমান ৰখাৰ । তেওঁলোকে
ব্যস্ত কেৱল কানিৰ মূল্য-নিৰূপনৰ দৰে কিছু তুচ্ছ কামত । বাহিৰৰ সমাজৰ সৈতে নিজৰ
সমাজখনকো আগুৱাই নিয়াৰ বাবে তেওঁলোকে অকণমানো চেষ্টা নকৰে।এইচাম দেশপ্ৰেমিক জানে
মাথো আকাশ পাতাল কপোৱা বক্তৃতা দিবলৈ আৰু বাঁহ কামীত চূণ সানি সৰু ল’ৰা-ছোৱালী কৰা ওমলা যুদ্ধৰ অভিনয়
কৰিবলৈ । লাচিতৰ দৰে সঁচা তৰোৱাল লৈ যুদ্ধ কৰিবলৈ এইচাম দেশ প্ৰেমিকৰ কলিজাত সাহস
নাই ।
Post a Comment